Assam Minorities Development Board
অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ তৰফৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে নিম্ন উল্লেখিত সামগ্ৰী বিতৰণৰ বাবে অৰ্থ-সাহাৰ্য্যৰে অসমৰ স্হায়ী বাসিন্দাৰ অধিসূচীত ধৰ্মীয় সংখ্যালঘু (মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী) সম্প্ৰদায়ৰ বাবে UPSC Coaching ( পাঠ্যক্ৰমৰ মুঠ খৰচৰ ৮০% চৰকাৰী অনুদান আৰু ২০% হিতাধিকাৰীয়ে বহন কৰিব লাগিব) আৰু (i) e-Rickahaw মুঠ খৰচৰ ৮০% চৰকাৰী অনুদান আৰু ২০% হিতাধিকাৰীয়ে বহন কৰিব লাগিব আৰু (ii) Sewing Machine (iii) Fashion Design Mechine (iv) Automatic Paper Plate making Machine ইত্যাদি সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণৰ বাবে আবেদন বিচৰা হৈছে৷ আবেদনকাৰি সকলৰ বছেৰকীয়া আয় তিনি লাখ (৩.০০ লাখ) টকাতকৈ অধিক হ'ব নোৱাৰিব। আবেদনকাৰি সকলে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু আবেদনৰ লগতে যাৱতীয় নথি-পত্ৰ আপলোড কৰিব লাগিব । ইয়াৰ উপৰিও এই নথি-পত্ৰ সমূহৰ ফটোকপি মূল কপি বাছনি প্রক্ৰিয়াৰ সময়ত লৈ আহিব লাগিব৷ বাছনিকৃত আবেদনকাৰী সকলক অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা জনোৱা হ’ব৷ ইচ্ছুক আবেদনকাৰি সকল তথা আত্ম সহায়ক গোট সমুহক অহা 24/01/2024 তাৰিখৰ ভিতৰত amdb.assam.gov.in (Assam Minorities Development Board) ৱেবচাইটত অনলাইন যোগে আবেদন দাখিল কৰিব লাগিব৷ অসম্পূৰ্ণ আবেদন প্ৰ-পত্ৰ গ্ৰহনযোগ্য নহ’ব। অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ বাছনি কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব৷
Application for the UPSC Course and 4 inputs/ items Distribution for the year 2023-24
How to Submit online Application for AMDB Schemes?
Interested and eligible candidates may visit official Website of Assam Minorities Development Board https://amdb.assam.gov.in or visit the direct link given below to submit online Application.